মন'পড

মন'পড (ইংৰাজী: Monopod) পৌৰাণিক বামন সদৃশ জীৱ যাৰ শৰীৰৰ মাজভাগত কেন্দ্ৰ কৰি ভৰিৰ পৰা বিস্তৃত এটা ডাঙৰ ভৰি থাকে। এই জীৱবোৰক স্কিয়াপড (sciapod), স্কিয়াপড (skiapod) বুলিও কোৱা হয়৷ মনোপড আৰু স্কিয়াপড (σκιάποδες) নাম দুয়োটা গ্ৰীকমূলীয়, যাৰ অৰ্থ ক্ৰমে "এটা ভৰি" আৰু "ছাঁয়া-ভৰি"।
বিৱৰণ
[সম্পাদনা কৰক]খ্ৰীষ্টপূৰ্ব ৪১৪ চনত প্ৰথমবাৰৰ বাবে প্ৰদৰ্শিত এৰিষ্ট'ফেনিছৰ নাটক দ্য বাৰ্ডছত (The Birds) মন'পডক উপস্থাপন কৰা হৈছিল।[1] প্লিনি দ্য এল্ডাৰে তেওঁৰ নেচাৰেল হিষ্ট্ৰিত এই জীৱবোৰৰ বিষয়ে বৰ্ণনা কৰিছে,[2] য’ত তেওঁ ভাৰতত মন'পডৰ মুখামুখি হোৱা বা দেখা পোৱা ভ্ৰমণকাৰীৰ কাহিনীৰ ব্যাখ্যা দিছে। প্লিনিয়ে মন্তব্য কৰিছে যে এইবোৰৰ বিষয়ে প্ৰথমে চিটেচিয়াছে তেওঁৰ ইণ্ডিকা (ভাৰত) নামৰ গ্ৰন্থখনত উল্লেখ কৰিছে, যিখন ভাৰতৰ পাৰ্চীসকলৰ দৃষ্টিভংগীৰ নথি যিবোৰ বৰ্তমান কেৱল খণ্ড খণ্ডকৈহে পোৱা যায়।
ফিলোষ্ট্ৰেটছে তেওঁৰ লাইফ অৱ এপল’নিয়াছ অৱ টিয়ানাত স্কিয়াপডৰ কথা উল্লেখ কৰিছে, যিটো ইউজেবিয়াছে তেওঁৰ ট্ৰিটিজ এগেইনষ্ট হাইৰ’ক্লিছত উল্লেখ কৰিছে। টিয়ানাৰ এপলনিয়াছে বিশ্বাস কৰে যে স্কিয়াপডসকল ভাৰত আৰু ইথিওপিয়াত বাস কৰে, আৰু ভাৰতীয় ঋষি ইয়াৰখাসকলক তেওঁলোকৰ অস্তিত্বৰ বিষয়ে সুধিছে।
চেণ্ট অগাষ্টিনে (৩৫৪–৪৩০) দ্য চিটি অৱ গডত "স্কিয়াপড"ৰ কথা উল্লেখ কৰিছে আৰু এনে জীৱৰ অস্তিত্ব আছে নে নাই সেয়া অনিশ্চিত বুলি উল্লেখ কৰিছে৷[3]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ Aristophanes. The Birds, ln. 1554
- ↑ Pliny the Elder. Natural History VII:2
- ↑ Augustine, Chapter 8. — Whether Certain Monstrous Races of Men Are Derived From the Stock of Adam or Noah's Sons